Domestic violence : পত্নীক হত্যা কৰি মেডিকেললৈ নিলে কামালউদ্দীনে - পত্নী হত্যা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 21, 2021, 5:01 PM IST

ৰাজ্যত পুনৰ সংঘটিত হৈছে পত্নী হত্যাৰ ঘটনা ৷ বৰপেটাৰ বৰদলনীৰ কামালউদ্দীন নামৰ লোকজনৰ বিৰুদ্ধে নিজ পত্নীক হত্যাৰ অভিযোগ উত্থাপন কৰিলে পৰিয়ালৰ লোকে । উল্লেখ্য যে, তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বান্দালী গাঁওৰ ৰমেলা খাতুনৰ সৈতে ফোনযোগে চিনাকি হৈ বিয়া পাতিছিল কামালউদ্দীনে । অভিযোগ অনুসৰি বিয়াৰ পিছৰে পৰা পত্নী ৰমেলা খাতুনক মাৰ ধৰ কৰি আহিছিল কামালউদ্দীনে । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ২০-৯-২১ তাৰিখে ৰাতি মাৰ পিটৰ এই ঘটনা চৰম পৰ্যায়লৈ যায় আৰু কামালউদ্দীনে সহযোগীৰ সৈতে পত্নী ৰমেলা খাতুনক হত্যা কৰি বৰপেটা মেডিকেল কলেজলৈ লৈ যায় ।ঘটনা সন্দৰ্ভত কামালউদ্দীনক তাৰাবাৰী আৰক্ষীক টমজাই দিছে দিয়ে ৰমেলা খাতুনৰ পৰিয়ালৰ লোকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.