আৰক্ষীৰ জিম্মাত প্ৰায় 15 টা কুকুৰৰ মৃত্যু - police custody
🎬 Watch Now: Feature Video
শনিবাৰে পুৱা নাগালেণ্ড অভিমুখী এখন পিক আপ ভানত তালাচী চলাই মেৰাপানী আৰক্ষীয়ে জব্দ কৰিছিল ৩৫ টাকৈ কুকুৰ । আৰক্ষীয়ে আদালতৰ জৰিয়তে কুকুৰসমূহ মুকলি কৰিব বিচাৰিছিল যদিও আদালতে কুকুৰসমূহ তিনিদিনৰ বাবে মেৰাপানী আৰক্ষীৰ জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিয়ে । নিজৰ হেৰুওৱা কুকুৰ বিচাৰি মেৰাপানী আৰক্ষী থানাত ভীৰ কৰেহি বিভিন্ন প্ৰান্তৰ একাংশ কুকুৰৰ গৰাকীয়ে । কিন্তু আইনী মেৰপেছৰ বাবেই ঘৰলৈ নিব পাৰ নাই মৰমৰ কুকুৰটো । কিয়নো আদালতৰ পৰা অনুমতি লোৱাৰ পাচতহে আৰক্ষীয়ে গৰাকীক কুকুৰসমূহ গতাব পাৰিব । তাৰ মাজতে প্ৰচণ্ড গৰম আৰু ভোকে পিয়াহে থকা 15 টা কুকুৰৰ মেৰাপানী থানা চৌহদতে কৰুণ মৃত্যু ঘটে । একেলগে বুজন সংখ্যক কুকুৰৰ মৃত্যু হোৱাত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় মেৰাপানী আৰক্ষী থানাৰ চৌহদত । পাচত আৰক্ষীয়ে থানা চৌহদতে গাঁত খান্দি মৃত কুকুৰসমূহ পুতিবলৈ বাধ্য হয় । ইতিমধ্যে অৱশিষ্ট কুকুৰসমূহৰ দায়িত্ব ল'বলৈ জীভা আৰু পোহৰ নামৰ দুটা NGO আগবাঢ়ি আহিছে যদিও আদালতৰ নিৰ্দেশৰ বাবে থমকিব লগাত পৰিছে দুয়োটা NGO ৷
Last Updated : Jun 27, 2021, 10:38 PM IST