পেট্ৰ'ল-ডিজেলৰ মূল্যৰ তাৰতম্যই নিয়ন্ত্ৰণ কৰেনে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ?

By

Published : Apr 12, 2019, 7:46 PM IST

Updated : Apr 12, 2019, 9:53 PM IST

thumbnail
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পেট্ৰ'ল-জিজেলৰ মূল্যৰ তাৰতম্যৰ বিষয়টোক লৈ যেন সচকিত হৈ আছে ভাৰতীয় তৈল কোম্পানীসমূহ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দোহাই দি তৈল কোম্পানীসমূহে ৰাজসাহায্যৰ ঘাটি পূৰাবলৈ বিশ্বৰ তৈল খণ্ডৰ সৈতে সামঞ্জস্য বৰ্তাই ৰখাৰ যি ব্যৱস্থা হাতত লৈছিল সেই ব্যৱস্থাই ইতিমধ্যে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দেশৰ সাধাৰণ নাগৰিকক প্ৰভাৱান্বিত কৰি আহিছে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিষয়টো জড়িত হৈ থকাৰ অন্যতম কাৰক হৈছে ইন্ধন- বিশেষকৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ তাৰতম্যতা ৷ বিগত সময়ত ইন্ধনৰ মূল্য হ্ৰাস হোৱা দেখা যায় যদিও ইয়াৰ বিপৰীতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰিত কৰাত ব্যৰ্থ হোৱা বুলি সৰৱ চৰ্চা চলে শাসকীয় চৰকাৰ অথবা প্ৰশাসন যন্ত্ৰৰ বিৰুদ্ধে ৷ ইটিভি ভাৰতে এই ক্ষেত্ৰত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটী মহানগৰীত পেট্ৰ'ল  আৰু ডিজেলৰ মূল্যৰ ওপৰত তথ্য যুগুতাই উলিয়াইছে৷  লক্ষ্যণীয় যে, ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটা সত্বেও বজাৰত সামগ্ৰীৰ জুই ছাঁই দাম জানো নিয়ন্ত্ৰিত হৈছে ! ইটিভি ভাৰতে যুগুতোৱা ইন্ধনৰ মূল্যৰ তাৰতম্যৰ সবিশেষ তথ্য হৈছে এনেধৰণৰ-  ১ জানুৱাৰীত পেট্ৰ'লৰ মূল্য ৬৮.০৩ আৰু ডিজেলৰ মূল্য ৬২.৯১ টকা । ৩১ জানুৱাৰীত পেট্ৰ'লৰ মূল্য ৭০.৫৮ আৰু ডিজেলৰ মূল্য ৬৬.২৫ টকা । ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ পেট্ৰ'লৰ মূল্য ২ টকা ৫৫ পইচা বৃদ্ধি আৰু ডিজেলৰ মূল্য ৩ টকা ৩৪ পইচাকৈ বৃদ্ধি পালে । ১ ফেব্ৰুৱাৰীত পেট্ৰ'লৰ মূল্য ৭০.৪৩ আৰু ডিজেলৰ মূল্য ৬৬.১৫ টকা । ২৮ ফেব্ৰুৱাৰীত পেট্ৰ'লৰ মূল্য ৭১.২৬ আৰু ডিজেলৰ মূল্য ৬৭.৫২ টকা । ১ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ পেট্ৰ'লত ৮৩ পইচা বৃদ্ধি পালে আৰু ডিজেলত ১ টকা ৩৭ পইচা বৃদ্ধি পালে ইন্ধনৰ মূল্য ।  ১ মাৰ্চত পেট্ৰ'লৰ মূল্য ৭১.২৯ আৰু ডিজেলৰ মূল্য ৬৭.৫০ টকা । ৩১ মাৰ্চত পেট্ৰ'লৰ মূল্য ৭২.৪৪ আৰু ডিজেলৰ মূল্য ৬৬.৬১ টকা । ১ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ পেট্ৰ'লত ১ টকা ১৫ পইচা বৃদ্ধি পালে আনহাতে ডিজেলত ৮৯ পইচাকৈ হ্ৰাস পালে ।  ১ এপ্ৰিলত পেট্ৰ'লৰ মূল্য ৭২.৩৯ আৰু ডিজেলৰ মূল্য ৬৬.৫১ টকা । ১২ এপ্ৰিলত পেট্ৰ'লৰ মূল্য ৭২.৩৯ আৰু ডিজেলত ৬৬.৬১ টকা । অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ পেট্ৰ'লৰ মূল্য আৰু ডিজেলৰ মূল্য প্ৰতিদিনে হ্ৰাস আৰু বৃদ্ধি পোৱাৰ বিপৰীতে ১২ এপ্ৰিলৰ মূল্য আৰু ১ এপ্ৰিলৰ মূল্য সমানে থাকিল ৷ আনহাতে ১ এপ্ৰিলৰ পৰা ১২ এপ্ৰিলৰ ভিতৰত পেট্ৰ'লৰ মূল্য আৰু ডিজেলৰ মূল্য প্ৰতিদিনে হ্ৰাস আৰু বৃদ্ধি পোৱাৰ পিছত ১ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ ১০ পইচাকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য ।  প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছত ১৮ মাৰ্চৰ পৰা ১১ এপ্ৰিললৈ পেট্ৰ'লত ৩ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলত ৭০ পইচাকৈ হ্ৰাস পালে ।
Last Updated : Apr 12, 2019, 9:53 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.