লংকাৰ চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail
হোজাই জিলাৰ উদালী ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত মঙলবাৰে সংঘটিত হৈছিল এক অঘটন ৷ ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ এগৰাকী চিকিৎসকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল একাংশ উন্মাদ লোকে ৷ এই ঘটনাৰ পাছতে ৰাজ্যজুৰি অব্যাহত আছে চিকিৎসক নিগ্ৰহৰ উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰৰ পৰুৱাৰ ১০০খন বিচনা যুক্ত মাতৃ শিশু কল্যাণত থকা ক’ভিড চিকিৎসালয়ত পিপিই কিট পৰিধান কৰি চিকিৎসক-চিকিৎসাকৰ্মীয়ে বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ক’লা বেজ পৰিধান কৰি উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে চিকিৎসক-চিকিৎসাকৰ্মীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.