thumbnail

By

Published : Dec 3, 2021, 5:47 PM IST

ETV Bharat / Videos

International Day of Persons with Disabilities:বোকাখাতৰ দিব্যাংগ বিদ্যালয়ত আনন্দমুখৰ পৰিৱেশ

সমগ্ৰ বিশ্বতে ৩ ডিচেম্বৰৰ দিনটো দিব্যাংগ দিৱস হিচাপে পালন কৰা হয় (International Day of Persons with Disabilities)। এই বিশেষ দিনটো অসমৰো প্ৰায় প্ৰতিখন জিলাতে পালন কৰা হৈছে (World Disability day celebrate in Assam) । বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ বোকাখাতত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই দিৱসক লৈ বোকাখাতৰ একমাত্ৰ দিব্যাংগ বিদ্যালয়ত পুৱাৰে পৰা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে (Disability day celebrate in Upper Assam Handicapped Centre)। ২৭ বছৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়খনত প্ৰতিবছৰৰ দৰে এইবাৰো দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিশেষ দিনটোত বিদ্যালয়খনত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা (Atul Bora at Upper Assam Handicapped Centre)। পুৱাই পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত শ্বহীদ তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য আদি পৰিৱেশন কৰে । ইফালে ৬০ গৰাকী শিক্ষাৰ্থী থকা এই বিদ্যালয়খন আজিলৈ প্ৰাদেশিকীকৰণ নোহোৱাত উদ্বেগ প্ৰকাশ কৰে বিদ্যালয় কতৃপক্ষই । দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে চিত্ৰাংকন, গীত, নৃত্য আদিৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.