Republic day celebration: হাফলঙত 73 সংখ্যক গণৰাজ্য দিৱস উদযাপন - Dima Hasao celebrates 73rd Republic Day with great enthusiasm at Haflong
🎬 Watch Now: Feature Video
সমগ্ৰ দেশৰ লগতে ডিমা হাছাও জিলাতো 73 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় (India Celebrates 73rd Republic Day) । হাফলঙৰ চৰকাৰী বাগানস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচায় (Republic day celebration in Dima Hasao) । পতাকা উত্তোলন কৰি দেবলাল গাৰ্লচাই প্ৰদান কৰা ভাষণত কয়, আমি ভাৰতৰ 73 সংখ্যক গণৰাজ্য দিৱস পালন কৰিছোঁ যদিও এই 73 বছৰত ডিমা হাছাও জিলাৰ যি ধৰনে উন্নয়ন হ’ব লাগিছিল, সেয়া হৈ উঠা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰৰ ক্ষমতালৈ অহাৰ পিচতহে ডিমা হাছাও জিলাৰ উন্নয়নৰ পথ সুগম হৈছে বুলি মন্ত্যব কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে । ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক’ভিড বিধি মানি হাফলঙত উদযাপন কৰা হয় 73 সংখ্যক গণৰাজ্য দিৱস । গণৰাজ্য দিৱস উদযাপনৰ এই চৰকাৰী অনুষ্ঠানত উপস্থিত আছিল ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ, উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, আৰক্ষী অধীক্ষক জয়ন্ত সিঙকে আদি কৰি নিমন্ত্ৰিত অতিথি ৷