লোকসভাত টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰসংগ - MP DILIP DILIP SAIKIA
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6021061-thumbnail-3x2-dilip.jpg)
লোকসভাত টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰসংগ তুলিলে সাংসদ দিলীপ শইকীয়াই
শিক্ষাৰ্থীৰ ওপৰত বৃদ্ধি পোৱা হেঁচাৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বশিক্ষা অভিযানৰ জড়িয়তে চৰকাৰে লোৱা ব্যৱস্থা সন্দৰ্ভত প্ৰশ্ন মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ৷ সাংসদগৰাকীয়ে কয় যে, বৰ্তমানেও দেশত এনে বহু বিদ্যালয় আছে য'ত মাত্ৰ এজন শিক্ষকেৰে শিক্ষাদান প্ৰক্ৰিয়া চলি আছে ৷ কম্পিউটাৰ শিক্ষাক প্ৰাথমিক স্তৰলৈকে বিস্তাৰ কৰাৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে সাংসদ দিলীপ শইকীয়াই ৷ ইয়াৰ লগতে অসমৰ অনিয়মীয়া টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টোও সদনৰ প্ৰশ্নকালত উত্থাপন কৰে সাংসদ দিলীপ শইকীয়াই ৷
Last Updated : Feb 10, 2020, 1:37 PM IST