ধেমাজি বোমা বিস্ফোৰণৰ ৰায়দান, ছয়জনক দোষী সাব্যস্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 4, 2019, 2:54 PM IST

ধেমাজি, ৪ জুলাইঃ দেশ কঁপাই যোৱা 2004 চনৰ 15 আগষ্টৰ বোমা বিস্ফোৰণৰ বৃহস্পতিবাৰে ঘোষণা হ'ল চূড়ান্ত ৰায়দান । ধেমাজি সত্ৰ ন্যায়াধীশ কাৰ্যালয়ত অব্যাহত আছে বিচাৰ প্ৰক্ৰিয়া । ইতিমধ্যে সাক্ষীৰ  অভাৱত মুঠ 15 গৰাকী অভিযুক্তৰ ভিতৰত 8 গৰাকীক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে 6 জনক দোষী সাব্যস্ত কৰে আদালতে ৷ ইপিনে 15 জন অভিযুক্তৰ মুখ্য অভিযুক্ত ৰচিদ ভৰালী এতিয়াও পলাতক ৷ মুহী সন্দিকৈ , যতীন দুৱৰী , দীপাঞ্জলী গোহাঁই , লীলা গগৈ ওৰফে লীলা খানক  যাৱৎজীৱন কাৰাদণ্ডৰ ৰায় ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতৰ ৷ প্ৰশান্ত ভূঞা /হেমেন গগৈ ক চাৰি বছৰৰ  কাৰদণ্ডৰ ৰায় ৷ আনহাতে সাক্ষী প্ৰমাণ নোহোৱাৰ বাবে ৰেহাই ঘোষণা আঠজনক ৷ দোষীয়ে  কঠোৰ শাস্তি পোৱাটো কামনা কৰে ধেমাজিবাসীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.