ETV Bharat / state

অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰ: অন্ধকুপৰ পৰা ওলাল পাঁচজন, ৰৈ গ'ল চুমী - ONLINE TRADING SCAM

ৰাজ্যজুৰি শিপোৱা অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ দুই মূল অভিযুক্ত বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ উপৰি তাৰ্কিক বৰাসহ পাঁচজনক জামিন প্ৰদান ।

online trading scam
মুকলি আকাশৰ তললৈ বিশাল-স্বপ্ননীল-তাৰ্কিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 7:53 PM IST

গুৱাহাটী: ৰাজ্য কঁপোৱা ট্রেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাই অৱশেষত জামিন লাভ কৰে । মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিওজনৰে জামিন মঞ্জুৰ কৰে । লগতে ট্রেডিং কেলেংকাৰীৰ আন দুজন অভিযুক্ত জিতেন ডেকা আৰু অভিজিত চন্দয়ো জামিন লাভ কৰে ।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত ট্রেডিং কেলেংকাৰীৰ আন তিনিজন অভিযুক্ত সঞ্জীৱ ডেকা, চন্দন নাথ আৰু শুভ্ৰজ্যোতি কুৰ্মীৰ জামিন আবেদন নাকচ হয় ।

মুকলি আকাশৰ তললৈ বিশাল-স্বপ্ননীল-তাৰ্কিক (ETV Bharat Assam)

এই‌ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে কয়, "ট্রেডিং কেলেংকাৰীৰ আঠজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছিল । ইয়াৰে পাঁচজনৰ জামিন আদালতে মঞ্জুৰ কৰিছে । বাকী তিনিজনৰ জামিন আবেদন‌ আদালতে নাকচ কৰিছে ।"

online trading scam
জামিনৰ আবেদন জনোৱা অভিযুক্তসকল (ETV Bharat Assam)

মন কৰিবলগীয়া যে চি বি আয়ে নিৰ্ধাৰিত সময়ত অভিযোগনামা দাখিল কৰিব নোৱৰাৰ বাবেই ট্রেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাই জামিন লাভ কৰিছে বুলি চৰ্চিত হৈছে যদিও এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে কয়, "এই সন্দৰ্ভত আদালতৰ কোনো আনুষ্ঠানিক নিৰ্দেশৰ কপি আমাৰ হাতত পৰা নাই । গতিকে এই সন্দৰ্ভত এতিয়া এই কথা ক'ব পৰা নাযাব ।" তেওঁ লগতে কয় যে জিতেন ডেকাক অসুস্থাৰ বাবে আদালতে জামিন দিছে ।

উল্লেখ্য যে ট্রেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, তাৰ্কিক বৰা আৰু অভিজিত চন্দৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰত গোচৰটোৰ বিচাৰ আদালতত চলি আছে । আনহাতে, ট্রেডিং কেলেংকাৰীৰ আন এজন অভিযুক্ত জিতেন ডেকাৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত ৰুজু হোৱা ৯৩৪/২০২৪ গোচৰটোৰ বিচাৰ আদালতত চলি আছে ।

চি বি আইৰ আইনী মেৰপেঁচে বান্ধি ৰাখিব নোৱাৰিলে ২২ বছৰীয়া বিশাল ফুকনক

ডিব্ৰুগড় : ২২ বছৰ বয়সতে অনলাইন ট্ৰেডিং কৰি কোটিপতি হৈছিল ডিব্ৰুগড়ৰ বিশাল ফুকন । সামাজিক মাধ্যমত বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰীৰ নজৰলৈ আহিছিল বিশাল ফুকন । কিন্তু এইগৰাকী বিশাল ফুকনক চি বি আইৰ আইনী মেৰপেঁচে বান্ধি ৰাখিব নোৱাৰিলে । ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত ডিব্ৰুগড়ৰ বিশাল ফুকনৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

ইফালে বিশাল ফুকনৰ জামিন মঞ্জুৰৰ পাছতে তেওঁৰ অধিবক্তা আব্দুল হালিমে ডিব্ৰুগড় চহৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰথমটো জামিন আবেদনতে জামিন লাভ কৰিলে বিশালে । আব্দুল হালিমৰ নেতৃত্বত ডিব্ৰুগড় আৰু গুৱাহাটীৰ কেইবাজনীয়া অধিবক্তাৰ এটা দলে বিশালৰ আইনী প্ৰক্ৰিয়াত অধিবক্তা হিচাপে জড়িত হৈ আছিল বুলি জনিবলৈ দিছে ।

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিশাল ফুকনকে ধৰি অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা কৰাসকলক চি বি আয়ে অধিক তদন্তৰ বাবে নিজৰ জিম্মাত লৈছিল যদিও এজনৰ পাছত আন এজন অভিযুক্ত কম সময়তে মুকলি আকাশৰ তললৈ অহাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । অৱশ্যে এই পৰ্যন্ত চুমী বৰাই জামিন লাভ কৰা নাই ৷

লগতে পঢ়ক :অসমৰ ট্ৰেডিং কেলেংকাৰীৰ গোচৰ: ৫ ৰাজ্যৰ ৯২ টা স্থানত চি বি আইৰ অভিযান
লগতে পঢ়ক :অৱশেষত জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.