ETV Bharat / state

অ' চিয়ে ঘুচিওৱা ডেলিভাৰী বয় জ্ঞানদীপলৈ ইউ এছ টি এমৰ উপহাৰ - USTM

যুৱকজনক নির্মমভাৱে প্ৰহাৰ কৰিছিল এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই । তেওঁ এতিয়া সদস্য় হ'ল ইউ এছ টি এমৰ ।

Gyandeep Hazarika joins USTM
ইউ এছ টি এমৰ আচাৰ্যৰ সৈতে জ্ঞানদীপ হাজৰিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 7:22 PM IST

গুৱাহাটী: কৰ্তব্যৰত জোৱানৰ নিৰ্দেশ অৱমাননা কৰাৰ অপৰাধতে জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজনক ৰাজহুৱা স্থানত নির্মমভাৱে প্ৰহাৰ কৰিছিল পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই । ইয়াৰ পিছতেই এই ঘটনাক লৈ ৰাজ্য়জুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ । এই বিষয়টোক কেন্দ্ৰ কৰি চৰ্চা অব্য়াহত থকাৰ মাজতেই চাকৰি পালে জ্ঞানদীপ হাজৰিকাই ।

সোমবাৰে জ্ঞানদীপ হাজৰিকাই ইউ এছ টি এমত ছেকচনেল অফিচাৰ (ট্ৰেইনী) হিচাপে যোগদান কৰে । মেধাৱী ছাত্ৰজনক ইউ এছ টি এম কৰ্তৃপক্ষই দিলে নতুন কামৰ সন্ধান । সোমবাৰে ইউ এছ টি এমৰ আই কিউ এ চি ছেকচ'নেল অফিচাৰ (ট্ৰেইনী) হিচাপে যোগদান কৰা জ্ঞানদীপ হাজৰিকাই ডেলিভাৰী বয় হিচাপে জীৱিকা নিৰ্বাহ কৰি আছিল । কটনৰ ছাত্ৰ জ্ঞানদীপে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক ২৫ নৱেম্বৰত সাক্ষাৎ কৰিছিল । ইয়াৰ পিছতেই ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে তেওঁক নিযুক্তি দিব বুলি আশ্বাস দিয়ে ।

নতুন চাকৰিয়ে জ্ঞানদ্বীপলৈ কঢ়িয়াইছে আশাৰ ৰেঙনি

ইউ এছ টি এম কৰ্তৃপক্ষই জনোৱা অনুসৰি জ্ঞানদীপে ছেকচ'নেল অফিচাৰ (ট্ৰেইনী) হিচাপে যোগদান কৰাৰ লগতে ইয়াতেই এম বি এ পাঠ্যক্ৰমো গ্ৰহণ কৰিব । মেধাৱী ছাত্ৰ জ্ঞানদীপে চাকৰি আৰু পাঠ্যক্ৰম একেলগে আগবঢ়াই নিব । ডেলিভাৰী বয় হিচাপে জীৱিকা নিৰ্বাহ কৰি আছিল কটনৰ ছাত্ৰ জ্ঞানদীপে । ডেলিভাৰী বয় হিচাপে কাম কৰি সপ্তাহত ৩ হাজাৰ টকা উপাৰ্জন কৰিছিল । সেই কথা জানিব পাৰি ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে চাকৰিৰ বাবে প্ৰস্তাৱ আগবঢ়ায় । সেই প্ৰস্তাৱত সন্মতি দি সোমবাৰৰ পৰা চাকৰিত যোগদান কৰে জ্ঞানদীপে ।

পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই দিছিল ভাবুকি

উল্লেখ্য যে কিছুদিন পূৰ্বে ফাঁচীবজাৰত ডেলিভাৰী বয় হিচাপে কৰ্মৰত জ্ঞানদীপে আৰক্ষীয়ে ৰাখিবলৈ দিয়া নির্দেশ অমান্য় কৰাৰ বাবে পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভার্গব বৰবৰাই ডেলিভাৰী এজেণ্টজনক আগচি স্কুটীৰ পৰা নমাই ডিঙিত চেপা মাৰি মুখত ঘুঁচিয়াই, চৰিয়াই মাৰি পেলাম বুলি ভাবুকি দিয়ে । এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াৰ পিছতে ভাৰ্গৱ বৰবৰাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল ।

লগতে পঢ়ক:নিৰীহৰ ওপৰত বীৰত্ব ! ইখনৰ পিছত সিখন এজাহাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে

USTM বিতৰ্ক; মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পিচতে মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু - USTM row

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.