ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকালৈ 'বৰঅসম সমন্বয় বঁটা' - BOR AXOM SAMANNAY AWARD

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ অধিবেশনৰ আয়োজন । এই অধিবেশনত প্ৰদান কৰা হ'ব বঁটা ।

Asom Jatiyatabadi Yuva Parishad press meet
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 7:38 PM IST

লখিমপুৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকালৈ আগবঢ়োৱা হৈছে 'বৰঅসম সমন্বয় বঁটা'। পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকালৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে আগবঢ়াইছে এই বৰ্ষৰ 'বৰঅসম সমন্বয় বঁটা'। ৩০ নৱেম্বৰৰ পৰা লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত অনুষ্ঠিত হ'বলগীয়া পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন আৰু ষষ্ঠ বাৰ্ষিক অসম দিৱসত এই বঁটাটো প্ৰদান কৰা হ'ব ।

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত মঙলবাৰে উদ্যোক্তাসকলে এক সংবাদমেল যোগে এই বঁটা প্ৰাপকৰ নাম ঘোষণা কৰাৰ লগতে অনুষ্ঠানৰ কাৰ্যসূচীসমূহৰ বিষয়ে উল্লেখ কৰে । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক মোবিন আহমেদে কয় যে এই বঁটাত আছে গামোচা, চেলেং , জাপি, অংগবস্ত্ৰ, মানপত্ৰ, হেংডাং, স্মাৰকসহ নগদ ২৫ হেজাৰ টকা ।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সংবাদমেল (ETV Bharat Assam)

উল্লেখ্য যে পৰিষদৰ এই বঁটা প্ৰদান কাৰ্যসূচীত লখিমপুৰ জিলা সাহিত্য সভায়ো পূৰ্বৰে পৰা সহযোগ কৰি আহিছে বুলি পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক মোবিন আহমেদে কয় । তিনিদিনীয়াকৈ আয়োজিত এই অধিবেশনত বিভিন্ন প্ৰতিযোগিতা, মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, সাংস্কৃতিক শোভাযাত্রা, বঁটা প্ৰদান, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পী বিপিন চাওডাঙে সংগীত পৰিৱেশন কৰিব ।

উক্ত সংবাদমেলখনত পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক মোবিন আহমেদ, উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতা, সম্পাদক ৰিংকু শইকীয়া, উদযাপন সমিতিৰ সভাপতি ড৹ অমৰেন্দ্ৰ গগৈ, কাৰ্যকৰী সভাপতি দেৱজিৎ মজুমদাৰ, জিলা সাহিত্য সভাৰ সভাপতি উমাকান্ত বৰুৱা আদিয়ে অংশগ্রহণ কৰি এই অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক:নুনু কৰ্মকাৰক সন্তোষ কুমাৰ তপ্প স্মাৰক বঁটা

জুবিন গাৰ্গলৈ ২০২৫ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.