টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়ক উন্নীতকৰণৰ দাবী - শিক্ষক কৰ্মচাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 28, 2021, 8:56 PM IST

অসম চৰকাৰে একাংশ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে প্ৰথম পৰ্যায়ত ১১৩ খন আৰু দ্বিতীয় পৰ্যায়ত ৩৫ খন বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে । কিন্তু এই তালিকাত সমগ্ৰ যোৰহাট জিলাৰ কেৱল এখনহে বিদ্যালয় অন্তৰ্ভুক্ত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জিলাখনৰ অন্তৰ্গত টীয়ক নগৰৰ মাজ মজিয়াৰ শতবৰ্ষ গৰকা টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়, জাঁজীমুখ জনজাতি হাইস্কুল, ঔগুৰি হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ'ব বুলি সকলোৱে আশা কৰিছিল । যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ চৰম হেমাহিৰ বাবে এনেদৰে জিলাখনৰ কেইবাখনো গুৰুত্বপূৰ্ণ বিদ্যালয় বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । বঞ্চিত বিদ্যালয়সমূহক শীঘ্ৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণৰ বাবে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ৰনোজ পেগুক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে শিক্ষক-কৰ্মচাৰী তথা একাংশ দল-সংগঠনে । শিক্ষামন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বৃহত্তৰ টীয়ক অঞ্চলৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও উন্নীতকৰণৰ তালিকাত বিদ্যালয়খন অন্তৰ্ভুক্ত নোহোৱাত শিক্ষক-কৰ্মচাৰী আৰু স্থানীয় সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.