দেৱব্ৰত শইকীয়াৰ দেহৰক্ষীৰ দেহত ক’ভিড-19 - দেৱব্ৰত শইকীয়াৰ দেহৰক্ষীৰ দেহত কভিড-19 পজিটিভ
🎬 Watch Now: Feature Video
অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দেহৰক্ষীৰ দেহত ধৰা পৰিছে কভিড-19 ৷ ২৭ জুলাইত গুৱাহাটীৰ পৰা নাজিৰালৈ আহিছিল বিধায়ক জন । জানিব পৰা মতে, গুৱাহাটীৰ পৰা অহাৰ পাচতে বিধায়ক জনৰ নিৰাপত্তাৰ দায়িত্বত থকা দেহৰক্ষী কেইজনক আছুতীয়াকৈ ৰখা হৈছিল । এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় যে ২৭ তাৰিখে নাজিৰালৈ অহাৰ আগতে তেওঁৰ লগতে নিয়োজিত সকলো দেহৰক্ষীয়ে ৰেপিড টেষ্ট কৰা হৈছিল । বৃহস্পতিবাৰে অহা ৰিপ'ৰ্ট অনুসৰি তেওঁৰ লগত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এজন সদস্যৰ দেহত কৰ’ণাৰ উপস্থতি ধৰা পৰে । এই খবৰ পোৱাৰ লগে লগে দেৱব্ৰত শইকীয়াই শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক অৱগত কৰে আৰু তেখেতক চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দেৱব্ৰত শইকীয়াই জনোৱা মতে নাজিৰালৈ অহাৰ পাচতে নিৰাপত্তাৰ দায়িত্বত থকা লোক সকলক কোনোধৰণৰ কৰ্তব্যত নিয়োজিত কৰা নাছিল ৷ সকলো সামাজিক অনুষ্ঠানৰ পৰা বিৰত থাকি ঘৰতেই আছিল ৷ ইপিনে চৰকাৰী নিয়ম অনুসৰি ২ আগষ্টলৈকে কোনো অনুষ্ঠানতে অংশগ্ৰহণ নকৰে দেৱব্ৰত শইকীয়াই ।