আমগুৰিত শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিল মহান মনিষীৰ ছবি - আমগুৰিত শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিল মহান মনিষীৰ ছবি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 18, 2021, 6:57 PM IST

শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠে নৱ দিগন্তৰ প্ৰহৰ ৷ জীপাল হৈ উঠে বহুতো প্ৰাণহীন সাধু ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে শিৱসাগৰ জিলাৰ দিখৌমুখৰ চাৰিজন ছাত্ৰই সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ দিখৌমুখ নকটানি কালুগাঁৱৰ শ্ৰীশংকৰদেৱ কলা-কৃষ্টি কেন্দ্ৰৰ পকীবেৰত চিত্ৰ অংকন কৰি ক’ভিড সৃষ্ট পৰিৱেশত নিজকে ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, নটৰাজ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে বহু কেইজন মহিষীৰ চিত্ৰ অংকন কৰাৰ লগতে সাঁচিপতীয়া পুথি অংকন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ দিখৌমুখ চিত্ৰকলা কেন্দ্ৰত প্ৰশিক্ষণ লোৱা চাৰিজন কলেজীয়া ছাত্ৰই শ্ৰীশংকৰদেৱ কলা-কৃষ্টি কেন্দ্ৰৰ পকীবেৰাত চিত্ৰকলা অংকন কৰি শুভবাৰ্তা দিয়াৰ লগতে সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে ৷ ক’ভিডৰ ভয়াৱহতাৰ মাজতে নিজ গৃহতে আৱদ্ধ হোৱা এই চাৰি যুৱকে নিজৰ সৃষ্টিশীলতাক এনেদৰে অংকন কৰি সময় অতিবাহিত কৰিছে । যি সময়ত শিক্ষানুষ্ঠানসমূহ ক’ভিডৰ বাবে বন্ধ হৈ আছে, তেনে সময়তে এইকেইজন ছাত্ৰই সমাজৰ বাবে শুভবাৰ্তা কঢ়িয়াই আনিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.