CPI Protest In Sivsagar : মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত চিপিআইৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
প্ৰতিবাদত উত্তাল হ’ল শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ মূল্যবৃদ্ধি আৰু ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণ আৰু বিক্ৰীৰ বিৰুদ্ধে ভাৰতীয় কমিউনিষ্ট দলৰ আহ্বানমৰ্মে শিৱসাগৰ জিলা সমিতিয়ে মঙলবাৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ প্ৰতিবাদস্থলীৰ পৰাই জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ ৮ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে । "প্ৰধানমন্ত্ৰীয়ে জবাব দিয়ক, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰক, বিদ্যুৎ মাচুল বৃদ্ধি প্ৰত্যাহাৰ কৰক" আদি বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চিপিআই দলৰ কৰ্মকৰ্তাসকলে ।