thumbnail

By

Published : Apr 27, 2021, 1:08 PM IST

ETV Bharat / Videos

বঙাইগাঁৱত প্ৰতিষেধক গ্ৰহণৰ নামত ভংগ ক’ভিড প্ৰট’কল

সোমবাৰে বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ইনড’ৰ ষ্টেডিয়ামত ক’ভিড পৰীক্ষা আৰু প্ৰতিষেধক লোৱাৰ নামত একাংশ লোকে অযথা ভীৰ কৰা পৰিলক্ষিত হৈছে । উক্ত ষ্টেডিয়ামত সমবেত হোৱা ৰাইজৰ মাজত দেখা নগ’ল কোনো সামাজিক দূৰত্বৰ লগতে ক’ভিড সম্বন্ধীয় সজাগতা ৷ যিমানেই দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19 ৰ গণ সংক্ৰমণ, সিমানেই যেন সজাগতাৰ অভাৱ দেখা গৈছে বঙাইগাঁৱবাসীৰ মাজত ৷ ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বিভাগীয় কৰ্তৃপক্ষই প্ৰতিষেধক ল’বলৈ অহা ৰাইজক প্ৰদান কৰা নাই যথোপযুক্ত সুবিধা ৷ যাৰ ফলত ৰাইজে পালন কৰিব পৰা নাই ক’ভিড নীতি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.