ক’ভিডৰ ভয়াৱহতাৰ মাজতে ধিঙৰ দোকান-বজাৰত অভাৱনীয় ভিৰ

By

Published : May 8, 2021, 9:02 PM IST

thumbnail

সমগ্ৰ দেশতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'ৰণা মহামাৰীয়ে । এনে এক জটিল সন্ধিক্ষণত নগাঁও জিলাৰ ধিঙত দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় পৰিবেশ। যি সময়ত ক’ভিডৰ নীতি-নিয়ম মানি মহামাৰীৰ বিৰুদ্ধে থিয় দিব লাগে তেন সময়তে ধিং চহৰত দেখিবলৈ পোৱা গৈছে অন্য এক পৰিবেশ । কি কাপোৰৰ দোকান, কি গেলামালৰ দোকান সকলোতে দেখিবলৈ পোৱা গৈছে অভাৱনীয় ভিৰ। সামাজিক দূৰত্ব অথবা আন আন ক’ভিড সংক্ৰান্তীয় নীতি-নিয়মকো ধোঁৱাচাঙত তুলিছে একাংশ গ্ৰাহক তথা ব্যৱসায়ীয়ে । স্থানীয় প্ৰশাসনেও এই ক্ষেত্রত বৰ্তমানলৈকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.