ৰহমৰীয়াত ক'ভিড চেন্টাৰ মুকলি বিধায়ক বিনোদ হাজৰিকাৰ - covid updates
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11924199-thumbnail-3x2-dkdk.jpg)
লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাকক্ষত এটা ক'ভিড চেন্টাৰ মুকলি কৰিলে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই। এই উপলক্ষে ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি জিতুল গোহাঁয়ে আঁত ধৰা সভাখনত চৰকাৰী গাঁওবুঢ়া, ভিডিপি, আশাকৰ্মী, নাৰ্চ, অংগনবাডী কৰ্মী, সহায়িকা, স্থানীয় লোক উপস্থিত থাকে ৷ তদুপৰি বিধায়ক বিনোদ হাজৰিকাই ৰহমৰীয়াৰ গৰাখহনীয়া, বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।