ৰাজ্যত কৰ’ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ - কৰ’ণা ভাইৰাছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6628500-thumbnail-3x2-a.jpg)
গুৱাহাটী,2 এপ্ৰিলঃ চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি লক ডাউন মানি নিজ ঘৰত নিৰাপদে থাকিবলৈ ৰাইজক আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ বাবে শংকিত নহ’বলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ । এই ভাইৰাছৰ পৰা সুস্থ হোৱা বহু মানুহ আছে ৷ গতিকে অসমৰ ৰোগী সকলো অতি সোনকালে সুস্থ হৈ উঠিব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
সম্প্ৰতি ৰাইজৰ সুৰক্ষাৰ বাবে স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিভাগে দিনে-নিশাই কাম কৰি আছে । গতিকে ৰাজ্যৰ স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশনাসমূহ পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ বিষয়ববীয়া আৰু সদস্যক স্থানীয় প্ৰশাসনৰ সহযোগত দুৰ্গত ৰাইজক সকলো ধৰণৰ সহায় আৰু সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে । প্ৰশাসনৰ প্ৰতি আস্থা ৰখাৰ লগতে মানৱ শক্তি অটুট ৰাখি দৃঢ়তাৰে কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।