মাণিকপুৰত ষ্ট্ৰীট লাইটৰ নামত কেলেংকাৰী - ষ্ট্ৰীট লাইট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 29, 2021, 2:07 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পালেংবাৰী গাঁও পঞ্চায়তত ষ্ট্ৰীট লাইট সংস্থাপনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । সৌৰ শক্তি চালিত ষ্ট্ৰীট লাইটৰ আঁচনি ২০১৯-২০ বৰ্ষৰ অধীনত পঞ্চায়তটোত মুঠ ১৭ টা ষ্ট্ৰীট লাইটৰ বাবদ ৪ লাখ ২৫ হাজাৰ টকা চৰকাৰে মোকলাই দিছিল । কিন্তু পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবে মাত্ৰ ৯ টা সৌৰ শক্তি চালিত লাইট সংস্থাপন কৰি বাকী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে সংস্থাপন কৰা লাইট কেইটাও বৰ্তমান অচল হৈ পৰি আছে । দুমাহ পূৰ্বে লাইট কেইটা সংস্থাপন কৰা হৈছিল যদিও এসপ্তাহ পাছৰ পৰাই বিকল হৈ পৰে । উল্লেখ্য যে, এই আঁচনিৰ সবিশেষ তথ্য বিচাৰি মাণিকপুৰ খণ্ড উন্নয়ন কাৰ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এক আবেদন দাখিল কৰা হৈছিল । কিন্তু খণ্ড উন্নয়ন বিষয়াই চিঠিযোগে জনায় যে এই আঁচনিৰ কোনো ধৰণৰ তথ্য নাই । এই ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়াই পঞ্চায়তৰ সভাপতি আৰু সম্পাদকক জগৰীয়া কৰে । এই ঘটনাৰ পাছতে এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু উচিত তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনাইছে ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.