thumbnail

ষ্ট্ৰীট লাইট স্থাপন হ’ল; কিন্তু পৰ্যাপ্ত পোহৰ নাপালে ৰাইজে

By

Published : Sep 17, 2021, 8:47 PM IST

অসম চৰকাৰে গাঁও পঞ্চায়তৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিটো অঞ্চল পোহৰাই তোলাৰ লগতে গ্ৰামাঞ্চলৰ পথত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে পথৰ কাষত স্থাপন কৰিছিল ষ্ট্ৰীট লাইট । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰতিটো ষ্ট্ৰীট লাইটৰ বিনিময়ত আৱণ্টন দিছে ৩৫ হাজাৰতকৈ অধিক টকা । কিন্তু পঞ্চায়তে যোগান ধৰা ষ্ট্ৰীট লাইটৰ নামত ঠিকাদাৰে নিম্নমানৰ ষ্ট্ৰীট লাইট যোগান ধৰি ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । তিনিচুকীয়া জিলাৰ ফিল'বাৰীত ষ্ট্ৰীট লাইটৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । ফিল'বাৰী অঞ্চলত বৰ্তমান সময়লৈকে সৰ্বাধিক ষ্ট্ৰীট লাইট বিকল হৈ আছে । বিজুলীবন গাঁও পঞ্চায়তে ফিল'বাৰী-পেঙেৰী সংযোগী পথত স্থাপন কৰা অধিকাংশ ষ্ট্ৰীট লাইট বৰ্তমান সময়ত বিকল হৈ আছে । গাভৰুভেটি আৰু বিজুলীবন গাঁও পঞ্চায়ত প্ৰায় বিলাক ষ্ট্ৰীট লাইট এতিয়া বিকল হৈ পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.