গুৱাহাটীৰ ৰাজপথত অধিক কঠোৰ হৈছে নিৰাপত্তাৰক্ষী - অসমত ২০ জনলৈ বৃদ্ধি কভিড 19 ত আক্ৰান্তৰ সংখ্যা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6650608-thumbnail-3x2-p.jpg)
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত অসমত ২০ জনলৈ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা । ইয়াৰে আটাইকেইজন দিল্লীৰ নিজামুদ্দিন মাৰ্কাছত অংশগ্ৰহণ কৰা লোক বুলি জানিব পৰা গৈছে । অসমত কৰ'ণাত আক্ৰান্ত ৰোগী ধৰা পৰাৰ পিছতেই গুৱাহাটীত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। জৰুৰীকালীন সেৱাৰ বাদে কাকো ৰেহাই দিয়া নাই আৰক্ষীয়ে । ইয়াৰোপৰি আইন অমান্যকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মহানগৰী আৰক্ষীয়ে ।