Protest over Numaligarh Refinery Ltd: শ্ৰমিকে অৱৰোধ কৰিলে মুখ্যদ্বাৰ - massive protest in front of NRL
🎬 Watch Now: Feature Video
গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰ(Protest at Numaligarh Refinery)ত বুধবাৰে কেইবাটাও দল সংগঠনৰ লগতে শ শ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এন আৰ এলত কৰ্মৰত কেইজনমান ঠিকাভিত্তিক শ্ৰমিকে নিজৰ প্ৰাপ্য বিচাৰি ঠিকাদাৰৰ কাষ চাপোতে ঠিকাদাৰে ভাবুকি প্ৰদান কৰাৰ অভিযোগ কৰিছে শ্ৰমিকসকলে । আনহাতে এই ক্ষেত্ৰত এন আৰ এল(Numaligarh Refinery Limited) কৰ্তৃপক্ষই নিমাতী কইনাৰ ৰূপ ধাৰণ কৰাৰ অভিযোগ তুলিছে শ্ৰমিকসকলে । যাৰ বাবে শোধানাগাৰৰ মুখ্যদ্বাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ।