New Vehicle Rules in Assam: কলিয়াবৰত ধোঁৱাচাঙত উঠিল চৰকাৰী নিৰ্দেশনা

By

Published : Dec 3, 2021, 1:54 PM IST

thumbnail
কলিয়াবৰত ধোঁৱাচাঙত উঠিল চৰকাৰী নিৰ্দেশনা ৷ মুখ্যমন্ত্ৰীৰ আহ্বানকো গুৰুত্ব নিদিয়াকৈ হেলমেট পৰিধান নকৰা একাংশ মটৰ চাইকেল চালক-আৰোহীৰ বিনা সংকোচে ঘুৰি ফুৰা দেখা গৈছে কলিয়াবৰৰ ৰাজপথত । ৰাজ্য চৰকাৰৰ কঠোৰ যান-বাহন আইন (New Vehicle Rules in Assam) নামানে একাংশ মটৰচাইকেল চালক-আৰোহীয়ে । এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাও সোপা-ঢিলা দেখা গৈছে (Kaliabor Police Station) ৷ উল্লেখ্য যে, ১ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে বাইক চালকসকলৰ বাবে বান্ধি দিছে কঠোৰ আইন (New vehicle rules in Assam) । সেই অনুসৰি দুচকীয়া বাহন চলালে চালক আৰু আৰোহী দুয়োয়ে পিন্ধিব লাগিব হেলমেট । কিন্তু কলিয়াবৰৰ এই পৰিৱেশে অংগুষ্ঠ প্ৰদৰ্শন কৰাহে পৰিলক্ষিত হৈছে চৰকাৰৰ কঠোৰ যান-বাহন আইনক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.