কন্টেইনমেন্ট জ'নত বিশ্বনাথ: কঠোৰ আৰক্ষী - আৰক্ষী
🎬 Watch Now: Feature Video
কৰ'ণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত ৰাজ্যৰ 7 খনকৈ জিলাত পুনৰ লকডাউন ঘোষণা কৰিছে প্ৰশাসনে ৷ সমান্তৰালকৈ বিশ্বনাথ জিলাখনো কন্টেইনমেন্ট জ'ন (Containment Zone) হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা কোনো লোকে যাতে উলংঘা কৰিব নোৱাৰে, ইয়াৰ বিৰুদ্ধে বিশ্বনাথ জিলা আৰক্ষী আৰু প্ৰশাসন অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী আৰু প্ৰশাসন । ইতিমধ্যে বিশ্বনাথ জিলাখন কন্টেইনমেন্ট জ'ন (Containment Zone) হিচাপে ঘোষণা কৰা 16 টাকৈ দিন অতিক্ৰম হৈছে। বৰ্তমান জিলা খনত ক'ভিড-১৯ ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে 6826 গৰাকী ৷ ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে 6089 গৰাকী । ইফালে কন্টেইনমেন্ট জ'নৰ মাজতে মঙলবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ জিলাখনৰ নগৰ অঞ্চলৰ সকলো দোকান-পোহাৰ বন্ধ ঘোষণা কৰিছে প্ৰশাসনে ৷ ক'ভিড পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই নিৰ্দেশনা অব্যাহত থাকিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷ জিলাখনত সকলো চৰকাৰী অনিষ্ঠান প্ৰতিষ্ঠানৰ লগতে সকলো দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে ৷ কেৱল মাত্ৰ দুগ্ধজাত সামগ্ৰী আৰু ফাৰ্মাচীহে খোলা থাকিব বুলি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ৷