মঙলদৈত কংগ্ৰেছৰ বিশাল প্ৰতিবাদত বাধা আৰক্ষীৰ - protest against eviction drive in garukhuti
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13158061-thumbnail-3x2-garukhuti.jpg)
ছিপাঝাৰৰ গৰুখুঁটি(Garukhuti)ত প্ৰশাসনে চলোৱা উচ্ছেদ(Eviction) অভিযানৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত দুজন লোক নিহত হোৱাৰ লগতে আহত হৈছিল আৰক্ষীকে ধৰি 10 জনকৈ লোক৷ গৰুখুঁটি অঞ্চলত দৰং জিলা প্ৰশাসনে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা এই উচ্ছেদ অভিযান আৰু অভিযানৰ সময়চোৱাত দুজনকৈ নিৰীহ লোক নিহত হোৱাৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সমগ্ৰ ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে মঙলদৈত কংগ্ৰেছৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ ৰিপুন বৰা, আব্দুল খালেক, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, জাকিৰ হুচেইন শিকদাৰ, বসন্ত দাসকে ধৰি কংগ্ৰেছৰ বহুকেইগৰাকী ৰাজ্যিক নেতৃত্ব উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান আৰক্ষীৰ ৷ জিলা প্ৰশাসনিক বিষয়াই উপায়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ পথত বাধা প্ৰদান কৰা স্বত্বেও প্ৰতিবাদী দলটোৱে জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে স্মাৰক পত্ৰ ৷