প্ৰধানমন্ত্ৰীৰ জন্মদিনত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন কংগ্ৰেছৰ - নৰেন্দ্ৰ মোডীৰ জন্মদিন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13095895-thumbnail-3x2-jkh.jpg)
বিশ দিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন পালন কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে । বিজেপিয়ে উলহ মালহেৰে মোডীৰ জন্মদিন পালন কৰাৰ সময়তে ধুবুৰীত কংগ্ৰেছে পালন কৰিছে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস । ধুবুৰী ৰাজীৱ ভৱনত কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সন্ধিয়াৰ আগে আগে ধুবুৰী ৰাজীৱ ভৱনৰ সমুখত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ শিকদাৰ আৰু আৰু উপ সভাপতি তথা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ উপস্থিতিত যুৱ কংগ্ৰেছে পালন কৰে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস । কংগ্ৰেছ কৰ্মী সকলে হাতে হাতে কাঁহী বাটি আৰু দলীয় পতাকা লৈ বিজেপি চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ শিকদাৰে কয়, যি খন দেশৰ প্ৰজা দুখত আছে সেইখন দেশত ৰজাই ২০ দিনীয়া কাৰ্যসূচীৰে জন্মদিন পালন কৰে । বিজেপি দল আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছ নেতা জাকিৰ শিকদাৰে দেশৰ প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় যে, প্ৰতি বছৰে দেশৰ দুই কোটি নিবনুৱাক চাকৰি ঘোষণা কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰতিজন দুখীয়াৰ একাউন্টত ১৫ লাখকৈ টকা দিয়ক, আপোনাৰ জন্মদিন বিজেপিয়ে নহয় আমি কংগ্ৰেছে উদযাপন কৰিম ।