Illegal coal trading : হোজাইত চোৰাং কয়লাভর্তি ট্রাক সহ আটক ২ জন - য়লা ভৰ্তি ট্ৰাক জব্দ
🎬 Watch Now: Feature Video
ৰাজ্যত অব্যাহত আছে কয়লাৰ চোৰাং বেহা(Illegal coal trading in Assam) । লংকা আৰক্ষীৰ তালাচীত এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ হোৱাৰ লগতে দুজনকৈ চোৰাং কয়লা সৰবৰাহকাৰী আটক হয়(Coal smuggler arrested in hojai) । এ এছ ০১ জি চি ৫৭৬৬ নম্বৰৰ কয়লাভৰ্তি ট্ৰাকখন লংকাৰ ইছলামবস্তিত লংকা আৰক্ষীয়ে জব্দ কৰাৰ লগতে ট্ৰাকখনত থকা বিনোদ চাওচৰিয়া আৰু নিতাই পদ মজুমদাৰক আটক কৰে । জব্দ কয়লা ভৰ্তি ট্ৰাকখনৰ কোনো নথি পত্ৰ এই পর্যন্ত আৰক্ষীৰ হাতত দাখিল কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে লংকা থানাত এটা গোচৰ ৰুজু কৰি দুয়োজনকে জেৰা অব্যাহত ৰাখিছে