Exit poll সন্দৰ্ভত সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া প্ৰকাশ - Assam election vote counting
🎬 Watch Now: Feature Video

অসমত আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আশাবাদী সৰ্বানন্দ সোণোৱাল ৷ ভোটগণনালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকাৰ সময়ত ডিব্ৰুগড়ত উপস্থিত হৈ সোণোৱালে অসমত আকৌ বিজেপিৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰে ৷ ভাল কাম কৰিলে ভাল ফল পায় বুলি মন্তব্য কৰি সোণোৱালে লগতে এইবুলিও কয় যে, বিগত সময়ত বিজেপিয়ে কৰা কামৰ ওপৰত ভিত্তি কৰি অসমৰ ৰাইজে ইতিমধ্যে তেওঁলোকৰ ৰায়দান দিছে আৰু সকলোৱে সেই অনুসৰি ফলাফল লাভ কৰিব ৷ উল্লেখ্যে যে, Exit Poll ৰ জৰিয়তে ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আশা কৰা হৈছে ৷