নিৰ্বাচনী সভাত পুনৰ মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মুখত ! - মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই
🎬 Watch Now: Feature Video
থাওৰাত পুনৰ মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্য চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ পুৰ্বে ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰো ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বুধবাৰে থাওৰাত তিনিখন ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰাৰ পাছতে বৃহস্পতিবাৰে থাওৰা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে । টাই আহোমৰ ধৰ্মীয় পূজাত অংশগ্ৰহণ কৰি থাওৰাৰ ম'হখুটিত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ ভোট ভিক্ষা কৰিবলৈ গৈ মুখ্যমন্ত্ৰী গৰাকীয়ে থাওৰাত পুনৰ দিলে মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি । ১ নৱেম্বৰৰ পৰা মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ কাম কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে ।