thumbnail

By

Published : Oct 15, 2021, 10:36 PM IST

ETV Bharat / Videos

পাণ্ডু ঘাটৰ বিসৰ্জনথলীত মুখ্যমন্ত্ৰী : শনিবাৰেও চলিব বিসৰ্জন পৰ্ব

গুৱাহাটী মহানগৰীৰ প্ৰায় পাঁচ শতাধিক পূজা মণ্ডপৰ বিসৰ্জন প্ৰক্ৰিয়া শুকুৰবাৰে নিশা পৰ্যন্ত অব্যাহত আছে । সম্পূৰ্ণ ক'ভিড বিধি মানি জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম নীতি অনুসৰি মহানগৰীৰ পাণ্ডু ঘাট আৰু ফাঁচী বজাৰৰ কাছমাৰী ঘাটকে ধৰি মুঠ ছটাকৈ ঘাটত এই বিসৰ্জন প্ৰক্ৰিয়া অনুষ্ঠিত হয় । আনহাতে, নিশা পাণ্ডু ঘাটৰ বিসৰ্জনথলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা । প্ৰায় এঘন্টাজুৰি তেওঁ ঘাটত উপস্থিত থাকি বিসৰ্জন প্ৰক্ৰিয়া উপভোগ কৰাৰ লগতে আয়োজক সকলৰ সৈতেও বিভিন্ন বাৰ্তালাপত মিলিত হয় । উল্লেখযোগ্য যে, শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা গুৱাহাটী মহানগৰীত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ হৈছে । জিলা প্ৰশাসনে পাণ্ডু আৰু কাছমাৰী ঘাটকে ধৰি গুৱাহাটীত সৰ্বমুঠ ছটাকৈ ঘাট বিসৰ্জনৰ বাবে নিৰ্দিষ্ট কৰি দিছে । ইয়াৰে পাণ্ডু ঘাটৰ বাহিৰে বাকী পাচোটা ঘাটতে নিশা ১১ বজালৈকে বিসৰ্জনৰ সময় নিৰ্দ্ধাৰণ কৰি দিছে প্ৰশাসনে । কিন্তু পাণ্ডু ঘাটত দুদিনীয়াকৈ চলিব বিসৰ্জনৰ কাৰ্যসূচী । শনিবাৰেও বিভিন্ন পূজা কমিটিয়ে পাণ্ডু ঘাটত বিসৰ্জন পৰ্ব সম্পন্ন কৰিব পাৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.