তলাতল ঘৰৰ বাকৰিত বিধায়ক অখিল গগৈৰ চাফাই অভিযান - Cleanliness drive at Talatal Ghar by mla Akhil Gogoi
🎬 Watch Now: Feature Video

অসমৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত অন্যতম হৈছে শিৱসাগৰস্থিত তলাতল ঘৰ(Famous Talatal Ghar) ৷ ইংৰাজী নৱবৰ্ষৰ এই সময়ছোৱাত শিৱসাগৰৰ ঐতিহাসিক সম্বলসমূহ, বিশেষকৈ তলাতল ঘৰত পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয় ৷ যিহেতু এতিয়া বনভোজৰ বতৰ ৷ সেয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে স্থানীয় লোকেৰে লোকাৰণ্য হৈ পৰিছে শিৱসাগৰৰ বিভিন্ন বনভোজ থলীত সমূহ ৷ লগ বন্ধুৰে মিলি আনন্দৰে এসাঁজ খাবলৈ বনভোজ স্থলীত ভিৰ কৰিছেহি ৰাইজে(Picnic in Sivasagar) । কিন্তু মুকলিকৈ এসাঁজ ৰান্ধি বাঢ়ি খাই দিনটো উদযাপন কৰে যদিও বনভোজ স্থলীৰ পৰিস্কাৰ পৰিচন্নতাৰ ক্ষেত্ৰত সজাগ নহয় অধিকাংশ ৰাইজ । এনে এচাম লোকৰ বাবেই অতিশয় লেতেৰা হৈ পৰা ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত বৃহস্পতিবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত চলিল সামূহিক চাফাই অভিযান (Cleanliness drive at Talatal Ghar by mla Akhil Gogoi) ৷