thumbnail

বকোত জৰুৰীকালীনভাৱে অৱতৰণ হেলিকপ্টাৰ

By

Published : Jul 18, 2021, 4:55 PM IST

দক্ষিণ কামৰূপৰ বকোৰ জাৰিহাটত বৃহস্পতিবাৰে সন্ধিয়া এখন হেলিকপ্টাৰে (Helicopter) জৰুৰীকালীনভাৱে অৱতৰণ (Emergency Landing) কৰে ৷ মেঘালয় (Meghalaya)ৰ তুৰাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা সময়তে বকোত অৱতৰণ কৰে হেলিকপ্টাৰখন ৷ প্ৰতিকুল বতৰ আৰু কম পোহৰৰ বাবেই বকোৰ জাৰিহাট গাঁৱত জৰুৰীভাৱে অৱতৰণ কৰিবলৈ বাধ্য হয় VT-ARB হেলিকপ্তাৰ (Helicopter)খন । হেলিকপ্তাৰ (Helicopter) খনত এগৰাকী মহিলা পাইলটৰ লগত দুজন কাৰিকৰী লোক আছিল । শনিবাৰে মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যসূচীৰ অনুশীলনৰ বাবে আহিছিল হেলিকপ্টাৰখন । শনিবাৰে পুৱাই বকোৰ জাৰিহাটৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব হেলিকপ্টাৰখনে । ইতিমধ্যে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.