ৰাজ্যত 55 শতাংশলৈ বৃদ্ধি শিশু সৰবৰাহৰ ঘটনা
🎬 Watch Now: Feature Video
অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰিছে এক ভয়ংকৰ তথ্য ৷ 2019 চনত 55 শতাংশলৈ বৃদ্ধি পাইছে শিশু সৰবৰাহৰ ঘটনা ৷ আয়োগৰ অধ্যক্ষ সুনিতা চাংকাকতিয়ে লগতে প্ৰকাশ কৰে যে, চলিত বৰ্ষত 125টা বিভিন্ন ধৰণৰ শিশুৰ লগত জড়িত অপৰাধজনিত গোচৰ আয়োগত পঞ্জীয়ন কৰা হৈছে ৷ এই বছৰৰ নবেম্বৰৰ 10তাৰিখলৈকে ৰাজ্যত 17টা শিশু সৰবৰাহ ঘটনা পঞ্জীয়ন কৰা হৈছে ৷ 2018চনত এই পৰিসংখ্যা আছিল 18 টা ৷