লংগাই নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম অট্টালিকা
🎬 Watch Now: Feature Video
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি চহৰ সংলগ্ন মটৰ ষ্টেণ্ড এলেকাত তাণ্ডৱ সৃষ্টি কৰিছে লংগাই নৈৰ বাঢ়নী পানীয়ে ৷ নৈখনৰ বাঢ়নী পানীত খহি যোৱাৰ উপক্ৰম হৈছে এটি দুমহলীয়া অট্টালিকা ৷ লংগাই নৈৰ মথাউৰিৰ সমীপত এগৰাকী লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল উক্ত অট্টালিকাটো ৷ নৈখনৰ খহনীয়াৰ বাবে সম্প্ৰতি ভাবুকি নামি আহিছে পাথাৰকান্দি চহৰলৈ ৷ পৰৱৰ্তী সময়ত নৈখনৰ জলপৃষ্ঠ বৃদ্ধি হ’লে উক্ত স্থানেৰে বাঢ়নী পানী প্ৰৱেশ কৰি প্লাৱিত কৰিব সমগ্ৰ পাথাৰকান্দি চহৰ ৷