Surya Namaskar For Vitality: ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সােণােৱালৰ সূৰ্য নমস্কাৰ - Surya Namaskar For Vitality
🎬 Watch Now: Feature Video
সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয় ৷ হয়, আমাৰ মন ভালে থাকিবলৈ হ’লে আমাক এটা সুস্থ আৰু নিৰোগী জীৱন-যাপনৰ প্ৰয়োজন ৷ আমাৰ শৰীৰটোৰ সুস্বাস্থ্যৰ বাবে যেনেকৈ আহাৰৰ প্ৰয়োজন, ঠিক তেনেকৈ আসন, প্ৰাণায়াম আদিৰো প্ৰয়োজন আছে ৷ এই আসনসমূহৰ ভিতৰত অন্যতম হৈছে সূৰ্য নমস্কাৰ ৷ সেয়ে এই কথা আগত ৰাখি শুকুৰবাৰে মকৰ সংক্ৰান্তিৰ পৱিত্ৰ ক্ষণত ডিব্ৰুগড়ত(Sarbananda Sonowal participates Surjya Namaskar at Dibrugarh)অনুষ্ঠিত সূৰ্য নমস্কাৰ উৎসৱত নিজেই অংশগ্ৰহণ কৰি দেশবাসীক সূর্য নমস্কাৰ কৰিবলৈ আহ্বান জনালে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই ভাৰ্চুৱেল কাৰ্যসূচীটোত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ পৰা লাইভ যোগে সমগ্ৰ বিশ্বৰ যোগ অনুশীলনকাৰী সকলে অংশগ্ৰহণ কৰে ৷ অংশগ্ৰহণকাৰী সকলে সূর্য নমস্কাৰৰ ১৩টা ৰাউণ্ড প্ৰদৰ্শন কৰে য'ত প্ৰতিটো ৰাউণ্ডত আছিল ১২টা আসন । উদ্বোধনী ভাষণত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, মানুহ সু-স্বাস্থ্যৰ অধিকাৰী হ'লেহে এখন সুস্থ সমাজ গঢ় দিব পাৰি । সূৰ্য নমস্কাৰে জীৱনীশক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো এক প্ৰমাণিত সত্য। ইয়ে ক’ৰণা প্ৰতিৰোধত সহায় কৰিব পাৰে ।