শ্বেৰমান আলীয়ে প্ৰথমতে অসম আন্দোলনৰ বিষয়ে অধ্যয়ন কৰক : ৰামেশ্বৰ তেলী - নুমলীগড় ৰিফাইনেৰী
🎬 Watch Now: Feature Video
দৰঙৰ গৰুখুঁটিত অবৈধ বেদখলকাৰীক ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত সংঘটিত হোৱা পৰিস্থিতিৰ পাছতে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল । ইয়াৰ পাছতে ৰাজ্যজুৰি বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে দল-সংগঠনে জাঙুৰ খাই উঠে । আলীৰ এই মন্তব্যৰ পাছতে শুকুৰবাৰে বিষয় সন্দৰ্ভত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ মন্ত্ৰীগৰাকীয়ে শ্বেৰমান আলীক প্ৰথমতে অসম আন্দোলন সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে আহ্বান জনায় ৷ অসম আন্দোলনৰ বাবে আমি বগীবিল দলং, নুমলীগড় ৰিফাইনেৰী, গেছ ক্ৰেকাৰ যে পাইছো এই কথা শ্বেৰমান আলীয়ে নাজানে বাবে তেওঁ অসমৰ শ্বহীদ সন্দৰ্ভত এনে মন্তব্য কৰা বুলি তেলীয়ে মন্তব্য কৰে । লগতে শ্বেৰমান আলীক পুনৰ এনে মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে ৷