চাংসাৰিৰ FCIত মুকলি উত্তৰ-পূৱৰ সৰ্ববৃহৎ শস্য ভাণ্ডাৰ - গছপুলি ৰোপণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 20, 2021, 3:27 PM IST

গুৱাহাটীৰ সমীপৱৰ্তী কামৰূপ জিলাৰ চাংসাৰিত মুকলি হ'ল ৫০ হাজাৰ মেট্ৰিক টন বহন ক্ষমতাৰ শস্য ভাণ্ডাৰ । খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা, পৰিৱেশকে ধৰি কেইবাটাও দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে (Ashwini Kumar Choubey) মুকলি কৰে এই গুডাম বা শস্য ভাণ্ডাৰ । চাংসাৰিৰ খাদ্য নিগমৰ চৌহদত ৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এইটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ গুডাম । অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ দাস (Ranjit Das), সাংসদ কুইন ওজাৰ (Queen Oja) লগতে বহু বিশিষ্ট ব্যক্তি এই কাৰ্যসূচীত উপস্থিত থাকে । ইয়াৰ মাজতে পৰিৱেশ দপ্তৰৰো কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ নকৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মুখ্য অতিথিগৰাকীৰ বাবে গছপুলি ৰোপণৰ বিশেষ ব্যৱস্থা কৰা হৈছিল যদিও সেই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ বাবে বহুতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেক সমালোচনাও কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.