Cattle syndicate : প্ৰতিদিনে বেপাৰীয়ে পাৰ কৰিছে শ শ গৰু - গো সংৰক্ষণ আইন
🎬 Watch Now: Feature Video
মাণিকপুৰত অব্যাহত আছে গৰুৰ ছিণ্ডিকেট । প্ৰতিদিনে মাণিকপুৰ হৈ বাঘবৰলৈ প্ৰেৰণ কৰা হয় শ শ গৰু । ৰাজ্যত গো-সংৰক্ষণ আইনৰ বিষয় চৰ্চিত হৈ থকাৰ মাজতে এইদৰে টলি আছে গৰুৰ ছিণ্ডিকেট । একাংশ চোৰাং বেপাৰীয়ে বিভিন্ন ঠাইৰ পৰা প্ৰতিদিনে শ শ গৰু প্ৰেৰণ কৰে বাঘবৰ লৈ । বঙাইগাঁও জিলাৰ মাণিকপুৰ, কাচদহা, ভাণ্ডাৰা হৈ প্ৰতিদিনে পাৰ হৈছে শ শ গৰু । তাৰ পিছতো আৰক্ষ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰশ্ন উত্থাপন হৈছে আৰক্ষী থানাৰ সন্মুখেদি প্ৰতিদিনে কেনেকৈ শ শ গৰু পাৰ হৈ গৈছে ? প্ৰতিদিনে শ শ গৰু পাৰ হৈ বাঘবৰ লৈযায় সেয়া বৰ্ণনা কৰিলে এজন গৰুৰ বেপাৰীয়ে । লগতে প্ৰতিদিনে গাড়ী ভৰ্তি হৈ গৰু লৈ অনা হয় বুলি স্বীকাৰ খোদ বেপাৰীৰ ।