কেনে আছে সুৰেণ নেওগৰ পৰিয়াল ? - dr.bhupen hazarika
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12190763-thumbnail-3x2-bhupenda.jpg)
কেনে আছে ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ লগত ছাঁৰ দৰে লাগি থকা সুৰেণ নেওগৰ পৰিয়াল ? বৰ্তমান গৃহহীন হোৱাৰ পথত সুৰেণ নেওগৰ পৰিয়াল ৷ ৰজাঘৰীয়াৰ খবৰ ল’বলৈ আহৰি নাই সুৰেণ নেওগৰ পৰিয়ালৰ ৷ আৰ্থিকভাৱে দুৰ্বল সুৰেণ নেওগৰ পুত্ৰ বিশেষভাৱে সক্ষম যদিও আজি পৰ্যন্ত নহ'ল চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ তালিকাভুক্ত । চৰকাৰে কুঠৰীস্থিত সংগীতসূৰ্য ভূপেন হাজৰিকাৰ পুৰণি ঘৰটো ভাঙি সেই ঠাইত ভূপেন হাজৰিকাৰ স্মৃতিগৃহ নিৰ্মাণ কৰিব । সেই ঘৰটোতে ভূপেন হাজৰিকাৰ অবৰ্তমানত সুৰেণ নেওগে ঘৰটো চোৱা-চিতা কৰি অহাৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো তাতে বসবাস কৰি আহিছিল । কিন্তু পুৰণি ঘৰটো ভঙাৰ নিৰ্দেশ অহাৰ লগে লগে শংকিত হৈ পৰিছে সুৰেণ নেওগৰ পৰিয়াল । এই দুৰ্ভগীয়া পৰিয়ালটোৱে পঞ্চায়তত গৈ এটি চৰকাৰী ঘৰৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও ঘৰ পোৱাটো দূৰৈৰ কথা চৰকাৰী কোনো আঁচনিয়ে ঢুকি নাপালে এই দুৰ্ভগীয়া পৰিয়ালটোক ।