অস্তিত্বহীনতাত অবড়ো সুৰক্ষা সমিতি অসম : ব্ৰজেন মহন্ত
🎬 Watch Now: Feature Video
বুধবাৰে বিজেপি(BJP) দলত যোগদান কৰি অবড়ো সুৰক্ষা সমিতি অসম(Abodo Suraksha Samiti)ৰ বিষয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতি অসমৰ প্ৰাক্তন উপদেষ্টা ব্ৰজেন মহন্ত(Brajen Mahanta)ই ৷ যোগদানৰ পাচতে সাংবাদিকৰ আগত তেওঁ কয় যে, বড়ো-অবড়ো মিলি এখন সুন্দৰ বিটিআৰ(BTR) গঠন কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই যি প্ৰচেষ্টা হাতত লৈছে, সেয়া সঁচাকৈয়ে আদৰণীয় ৷ বিটিআৰৰ স্বাৰ্থতেই বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে ব্ৰজেন মহন্তই ৷ লগতে সাংসদ নৱ কুমাৰ শৰণীয়া(Naba Kumar Sarania)ক কটাক্ষ কৰি ব্ৰজেন মহন্তই কয় যে, নিজৰ স্বাৰ্থ সিদ্ধিৰ হকে তেওঁ বিভিন্ন দলৰ লগত যোগাযোগ স্থাপন কৰিছে, যিটো বিটিআৰবাসীৰ বাবে কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ৷