৩৪ নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ৰাইজৰ মনৰ কথাৰে আজিৰ জনতাৰ কন্ঠ
🎬 Watch Now: Feature Video
ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ" ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5 বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট,ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ ৩৪ নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক হ’ল কংগ্ৰেছৰ আব্দুল হাই নাগৰি ৷ সমষ্টিটোৰ প্ৰায় ৪০ খন গাঁও আই নদীৰ বান আৰু গৰাখহনীয়াত বিধ্বস্ত । এই পৰ্যন্ত কেইবাবৰো মন্ত্ৰী কেশৱ মহন্ত, চন্দন ব্ৰহ্ম, ফণীভূষণ চৌধুৰীয়ে বান সমস্যা পৰিদৰ্শন কৰিছে যদিও কোনোৱে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বিগত পাঁচ বছৰে ৩৪ নং উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিবাসীয়ে বিধায়ক আব্দুল হাই নাগৰিৰ পৰা সমষ্টিবাসীয়ে কি পালে কি নাপালে, তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদনত...