ধনশিৰিত 8 টা গৰুসহ বলেৰ’ পিক্ আপ বাহন জব্দ - চোৰাং গাড়ীখন গৰু সহ জব্দ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13111098-thumbnail-3x2-p1.jpg)
ৰাজ্যত চোৰাং গৰুৰ বেহা তথা চিণ্ডিকেট ৰোধ কৰিবৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে ধনশিৰি মহকুমাত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় ৷ নগালেণ্ডৰ কাষৰীয়া হোৱাৰ সুযোগ গ্ৰহণ কৰি চোৰাং ব্যৱসায়ীয়ে ধনশিৰি মহকুমা হৈ গৰুৰ চোৰাং সৰবৰাহ কৰি নগালেণ্ডত বিক্ৰী কৰি আহিছে ৷ শনিবাৰে নিশা প্ৰায় 3 মান বজাত উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰী চাৰিচুক গাঁওৰক্ষী বাহিনীয়ে কৰ্তব্যৰত অৱস্থাত থাকোতে 8 টা গৰু কঢ়িয়াই অনা এখন ব’লেৰ পিকআপত জব্দ কৰে ৷ বজালবাৰী দিশৰপৰা ৰজাপুখুৰী অভিমুখে বাহন খন আহি আছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, প্ৰথমে গৰু চোৰকেইটাই গাঁওৰক্ষী বাহিনীৰ উমান পাই গৰুসহ গাড়ীখন ঘূৰাই পলাবলৈ চেষ্টা কৰিছিল ৷ কিন্তু গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে গাড়ীখন খেদি গৈ ৰজাপুখুৰী শ্যাম গাঁৱৰ সমীপত গাড়ীখন কৰায়ত্ত কৰে ৷ ইয়াৰ পাছতে উৰিয়ামঘাট আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি চাকিৰ হুচেইনক জনায় আৰু পৰৱৰ্তী সময়ত উৰিয়ামঘাট আৰক্ষী গৈ গাড়ীখন গৰু সহ জব্দ কৰি উৰিয়ামঘাট থানালৈ লৈ আহে ৷ AS03 CC 1088 নম্বৰৰ ব’লেৰ পিক আপখনৰ ড্ৰাইভাৰসহ দুজন পলাই যাবলৈ সক্ষম হয় যদিও এজনক গাঁওৰক্ষী বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয় ৷