নাই কৰ’ণাৰ আতংক ! জোনাইত বৈসাগ বিসৌম পালন - ৰাভা গাভৰু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 20, 2021, 5:06 PM IST

অসম-অৰুণাচলৰ সীমান্তৱৰ্তী জোনাইৰ বিভিন্ন ৰাভা গাঁৱত বৈসাগ বিসৌম পালন কৰা হয় । ৰাভা গাভৰুসকলে কাম্বং (বুকুত পিন্ধা কাপোৰ), পাটানী, পাজাৰ (গামোচা), ডিঙিত চন্দ্ৰহাৰ, কচনে, হানচা, হাতত চানাপালি, কঁকালত ৰূপকমালা, বাহুত বাজো পৰিধান কৰি ঢাক, বাংশী, কাঁচিৰ সুৰত মন উজাৰি নাচোনত ভাগি পৰা পৰিলক্ষিত হৈছে । জোনাইৰ শান্তিপুৰ, মহমৰা, ৰামধন দিখাৰীৰ বগৰীগুৰী, বুঢ়ীসূঁতি কছাৰী, বদলপুৰ, মেচাকি চাপৰি, কৰ্ণপুৰ, বিক্ৰমপুৰ, খেৰণি, চমকঙৰ নাৰায়ণপুৰ আদি ৰাভা বসতি প্ৰধান গাঁৱৰ ঘৰে-ঘৰে বৈসাগ বিসৌম পালন কৰা দেখা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.