ৰণজিৎ ডেকাৰ ঘৰত বটল বোমা: আৰক্ষী জিম্মাত মিন্টু আলী - অসম বিধানসভা নিৰ্বাচন 2021

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 8, 2021, 1:54 PM IST

পাঠশালাৰ শিক্ষাবিদ ড০ ৰণজিৎ ডেকাৰ ঘৰত 8 আগষ্টত বটল বোমা নিক্ষেপ কৰাৰ সন্দেহত আৰক্ষীয়ে হাতত আটক হোৱা মিন্টু আলীক মঙলবাৰে ছয়দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ আৰক্ষীয়ে মিন্টু আলীক নিজ জিম্মাত লোৱাৰ পাছৰে পৰা জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ জেৰাত যুৱকজনে আন্তৰ্জাতিক ফোন কল সংযোগ কৰি ড০ ৰণজিৎ ডেকাৰ পত্নীৰ ম’বাইলত ভাবুকি দিয়াৰ কথা স্বীকাৰ কৰে । অৱশ্যে তেওঁ কিহৰ বাবে এনে কৰিছিল সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই । উল্লেখ্য যে, মিন্টু আলীয়ে ড০ ৰণজিৎ ডেকাৰ ঘৰত চি চি টিভি সংযোগ কৰিছিল । মিন্টু আলিৰ পৰা আৰক্ষীয়ে এটা লেপটপ, 13 টা ম’বাইল আৰু কেইবাখনো চিম কাৰ্ড জব্দ কৰে । বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে জানিবলৈ দিয়ে এই কথা ৷ ড৹ ৰঞ্জিৎ ডেকা পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমী (Anundoram Borooah Academy)ৰ অধ্যক্ষ আৰু বিগত বিধানসভা নিৰ্বাচনৰ ভৱানীপুৰ সমষ্টিৰ পৰা অগপ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.