thumbnail

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কর্মভূমিত বিহুৰ কৰ্মশালা

By

Published : Apr 11, 2021, 10:01 PM IST

ৰাজ্যৰ আকাশে-বতাহে এতিয়া ঢোল-পেঁপাৰ গুমগুমণি ৷ নাচনী ঘূৰিছে ঢোলৰ লহৰত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ তেজপুৰৰ ঐতিহাসিক জ্যোতি ভাৰতীৰ চোতালতো ঢোলৰ শব্দৰে মুখৰিত হৈছে আকাশ-বতাহ ৷ বিহুগীতৰ লগতে বিহুৱতীৰ নাচে চৌপাশে তুলিছে কেৱল আনন্দৰ লহৰ ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনষ্ঠ তেজপুৰৰ জ্যোতি ভাৰতীত 7 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বিহু নাচৰ কৰ্মশালাৰ অন্ত পৰে দেওবাৰে ৷ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে সেয়ে দেওবাৰে প্ৰদৰ্শন কৰিলে বিহু নৃত্য ৷ ৰঙালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী ৷ এনে পৰিৱেশত ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতীৰ চোতালত বিহুনৃত্যৰ এই কৰ্মশালাই বিহুৰ বতৰৰ অনন্য পৰিৱেশৰ ৰচনা কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.