মৰিছা আলহী গাঁৱৰ বিহু কৰ্মশালাৰ সামৰণি - Bihu dance workshop end at chabua
🎬 Watch Now: Feature Video
বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ আহি পালে অসমীয়াৰ বাপতি সাহোন, হেঁপাহৰ ৰঙালী বিহুটি ৷ তেনে সময়তে চাবুৱাৰ মৰিছা আলহী গাঁৱত সোণোৱালী আত্ম সহায়ক গোটৰ উদ্যোগত আয়োজন কৰা হৈছে বিহুনাচৰ কৰ্মশালা ৷ যোৱা 5 মাৰ্চৰ পৰা আৰম্ভ হোৱা দহ দিনীয়া বিহু নৃত্যৰ কৰ্মশালাখনিৰ সোমবাৰে সামৰণি কৰে ৷ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে 2015 বৰ্ষৰ DY বিহুৰাণী আৰু 2019 বৰ্ষত লতাশিল বিহু ৰাণীৰ খিতাপ অৰ্জন কৰা নিবেদিতা বড়া ৷ প্ৰায় 50 গৰাকী কণ কণ কিশোৰীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত ৷ উল্লেখ্য যে, সোমবাৰৰ সামৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কবি তথা শিৱসাগৰ বৰহাট কলেজৰ প্ৰবক্তা বাৰীন্দ দাস,বালিজান পানীএৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সংগীতা ভড়ালীৰ লগতে বহুকেইজন সমাজ সচেতন ব্যক্তি ৷