thumbnail

Bear Scare in Nalbari : নলবাৰীৰ আল্লিয়াতো ভালুকৰ আতংকত শংকিত গঞা

By

Published : Dec 11, 2021, 9:01 AM IST

বাঘ নহয়, হাতী নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া ভালুকৰ আতংক । শেহতীয়াকৈ নলবাৰীৰ সমীপৱৰ্তী আল্লিয়াতো ভালুক দেখা বুলি (Bear Scare in Nalbari) এজাক স্কুলীয়া ছাত্ৰই সদৰী কৰে গাঁওবাসীক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, এদল স্কুলীয়া ছাত্ৰই আল্লিয়া-বনগাঁৱৰ নৈৰ পাৰৰ ঘন জংঘললৈ যাওঁতে প্ৰত্যক্ষ কৰে এটা ভালুক ৷ আতংকিত দলটোৱে সমগ্ৰ ঘটনাৰ বিষয়ে সদৰী কৰে গাঁৱবাসীক ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ লগতে ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ৷ বৰ্তমানলৈ ভালুকৰ কোনো সন্ধান পোৱা নাই যদিও বন বিভাগৰ দলটোৱে জংঘলৰ মাজত কোনো জন্তুৰ ভৰিৰ খোজ পোৱাৰ কথা প্ৰকাশ কৰে ৷ কিন্তু সেয়া ভালুকৰ নে আন জন্তুৰ খোজ, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.