thumbnail

By

Published : Sep 30, 2021, 1:46 PM IST

ETV Bharat / Videos

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে অসমৰ বাঁহে

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে অসমৰ বাঁহৰ পৰা উৎপাদিত সামগ্ৰীয়ে । এতিয়া অসমৰ বাঁহৰ সামগ্ৰী ৰপ্তানি হ’ব বহিঃৰাজ্য তথা বিদেশলৈ । বাঁহৰ পৰা উৎপাদিত সামগ্ৰীৰ বাবে বিখ্যাত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বাৰেডলা গাঁও । এই গাঁৱতে প্ৰায় ৩০ বছৰ আগৰ পৰা নিৰ্মাণ কৰি আহিছিল মুৰ্গীৰ পোৱালী সৰবৰাহ কৰা খাছা বা খোখা । এই খোখা নিৰ্মাণ কৰি গাঁৱখনৰ প্ৰতিটো পৰিয়ালে সপ্তাহত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল প্ৰায় ২০০০-২৫০০ টকা । গাঁৱখনৰ এই বাঁহ শিল্পক আগবঢ়াই নিয়াত সহায় কৰি আহিছে নৰ্থ ইষ্ট কেন এণ্ড বেম্ব’ ডেভেলপমেণ্ট ছ’চাইটিয়ে । এতিয়া এই কেন এণ্ড বেম্ব’ ডেভেলপমেণ্ট ছ’চাইটিৰ সহযোগতে গাঁৱখনৰ পৰা প্ৰাৰম্ভিক পৰ্যায়ত বহিঃৰাজ্যলৈ ৰপ্তানিৰ বাবে সাজু হৈছে ৫০০০ বাঁহৰ ঝাড়ু । কেৱল এয়াই নহয় সুদুৰ আমেৰিকাৰ লছ এঞ্জেলছৰ পৰা এগৰাকী মহিলাই নিজে আহি অৰ্ডাৰ দিছে এহাজাৰ বাঁহৰে প্ৰস্তুত কৰা বাঁহৰ বাস্কেট ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.