বাংলাদেশৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদ বজৰং দলৰ - হিন্দুৰ ওপৰত আক্ৰমণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13396589-thumbnail-3x2-ggfy.jpg)
হোজাই জিলাত বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ বিশাল ৰেলী । বাংলাদেশত হিন্দুৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদৰ বজৰং দলে হোজাই জিলাৰ প্ৰখণ্ডৰ বিশাল ৰেলী আয়োজন কৰে । উক্ত ৰেলীত বজৰং দল হোজাই জিলাৰ বিভিণ্ণ কৰ্মকৰ্তা উপস্থিত থকাৰ লগতে সহযোগ কৰে বৃহত্তৰ লংকা বাসী ৰাইজে । এই ৰেলীয়ে লংকাৰ লংকেশ্বৰী মন্দিৰৰ প্ৰাংগনৰ পৰা আৰম্ভ কৰি নেতাজী পইণ্ট হৈ লিংক ৰোডৰ মাজেৰে প্ৰবেশ কৰি কনকলতা পইণ্টৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷ প্ৰতিবাদকাৰী সকলে বাংলাদেশী মৌলবাদী হুচিয়াৰ, হিন্দু হত্যাকাৰী হুচিয়াৰ, শ্বেখ হাচিনা হুচিয়াৰ, জয় শ্ৰী ৰাম ইত্যাদি ধ্বনিৰে উত্তাল কৰি তুলে লংকা চহৰৰ পৰিৱেশ ।